হীৰু দাৰ ভাষাৰে -
"মৃত্যুওতো এটা শিল্প
জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য ।"
পাতনি :-
ব্যস্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ , নগাওঁ কলেজৰ
ৰাজ পথ । কলেজৰ শেষত ঘৰলৈ বুলি ওলাই
আহি গেটৰ সন্মুখত এপলক ৰৈ লাহেকৈ ৰাজ
পথত খোজ পেলাইছো ।
উদ্দেশ্য :-
ৰাজ পথটোৰ সিপাৰে চাকৰিৰ বিজ্ঞাপন
দি থকা দোকানখনলৈ যোৱাৰ , চাকৰিৰ
সন্ধানত ।
উৎকণ্ঠা :-
হঠাৎ ঘটি গ'ল অনাকাংখীত অঘটনটো ।
সকলোবোৰ মানুহ ৰাজ পথৰ মাজৰ নিৰ্দিষ্ট
ঠাই খিনিত জুম বান্ধিলেহি । হঠাৎ
কেনেকৈ কি হৈ গ'ল কোনেও গমেই
নাপালে । সকলোৰে মুখত মাথো বিষাদৰ চিন
। সকলোবোৰ ব্যস্ত , কোনোবাই
যদি পুলিচলৈ ফোন কৰিছে , আন
কোনোয়ে আক ডাক্তৰ মাতিছে । মুঠৰ ওপৰত
সকলো ব্যস্ত হৈ পৰিছে । আনকি কলেজৰ
পৰা ঘৰমুৱা ল'ৰা ছোৱালীৰ জাঁকটোও আগুৱাই
আহিছে । কোনোবাই যদি কান্দিছে , আন
কোনোৱে সমবেদনা জ্ঞাপন কৰিছে ।
মাথো ৰাজ পথৰ মাজত নিঃচুপ হৈ শুই
আছে এটা খীণ জ্যামিতিক অৱয়বৰ
শেঁতা পৰা ল'ৰা আৰু কাষতে কিছু তেজৰ
ডোঙা ।
ঘটনাৰ বিবৰণ :-
প্ৰতিদিনৰ দৰে আজিও ব্যস্ত চহৰখনৰ ব্যস্ত
ৰাজ পথটোৰ ওপৰেৰে ৰাজকীয়
ভংগীমাৰে গাড়ীবোৰ দৌৰি আছে । কলেজৰ
শেষত মোৰ দৰেই ল'ৰাটোয়েও চাকৰিৰ
বিজ্ঞাপনৰ দোকানখনলৈ ঢাপলি মেলিছিল
। ঘৰত ৰুগীয়া মাক আৰু এজনী গাভৰু বায়েক ।
শোষণৰ ভৰত কোঙা পৰিয়াল । সেয়ে তাক
চাকৰি এটা লাগে । যোৱা কালি বায়েকৰ
বিয়াৰ বাবে এটা প্ৰস্তাৱো আহিছে ।
সকলো ঠিক ঠাক গলেই বহাগতে বায়েকৰ
বিয়াখন খাটাং । সেয়ে তাক
এতিয়া চাকৰি এটাৰ খুবেই প্ৰয়োজন ।
কথাবোৰ ভাবি ভাবি সি ৰাজ পথটো পাৰ হব
খোজোতেই তীব্ৰ
বেগী গাড়ী এখনে মহতিয়াই লৈ গ'ল তাক ।
সকলোবোৰ ব্যস্ত নিজক লৈয়ে । তাক
খুন্দিয়াই গুছি গ'ল গাড়ীখন । অলপ পাছত
মানুহবোৰ জুম বান্ধিলে , উদ্দেশ্যে ঘটনাটোৰ
বুজ লোৱাৰ । বহুতে আহি দুখৰ চকুলো টুকিলে ,
দুখৰ হুমুনিয়াহ কাঢ়িলে আৰু সমবেদনা জ্ঞাপন
কৰি নিজৰ কামলৈ উভতিলে । মৃতদেহৰ কাষত
ৰৈ থাকিলো মাথোন মই কেইটামান পুলিচ আৰু
কিছু উৎকণ্ঠিত জনতা ।
কিছু অতিৰিক্ত সংযোজন :-
প'ষ্টমৰ্টেমৰ পাছত
মৃতদেহটো ঘৰলৈ লৈ অনা হ'ল । ঘৰৰ চোতালত
শোকাকুল জনতা , মা , বা আৰু নিথৰ নিঃশব্দ
এটা মৃতদেহ । কিন্তু মৃতদেহটো আমাৰ
ঘৰলৈ অনা হ'ল কিয় ? মোৰ মায়ে মৃতদেহটোৰ
ওপৰত মুৰ থৈ কান্দিব ধৰিছে । মই কাষ
চাপি গলো মাৰ ওচৰলৈ । মোক মই
চিঞৰি চিঞৰি মাতিলো , অথচ মায়ে মোক
মাতেই নিদিলে । আজি মোৰ
বাবে মোতকৈ সেই অচিন
মৃতদেহটোহে আপোন হ'ল নে ? আৰু বা ?
তাইওতো মোক কোনো সঁহাৰিয়েই নজনালে ।
কিমানবাৰ যে তাইক
চিঞৰি চিঞৰি সুধিলো , তহঁতে কান্দিছ কাৰ
বাবে ? এটা মৃত শৰীৰৰ বাবে , যাৰ
কোনো অস্তিত্বই নাই বৰ্তমানত । অথচ
কোনেও মোৰ কথাৰ উত্তৰেই নিদিলে ,
আনকি চোতালত ৰৈ থকা মোৰ
চিনাকি দাদা , খুড়া , ককা হঁতেও ........!!!
সামৰণি :-
মৃত্যুকো কেতিয়াবা চেলেকি চাওঁ
এনেদৰেই , অনুভৱৰ দলিচাৰে ॥