Monday, 24 November 2014

-: অনুগ্ৰহ কৰি আপুনি মোৰ প্ৰেমত নপৰিব :-

অনুগ্ৰহ কৰি আপুনি মোৰ প্ৰেমত নপৰিব ।
কিয়নো মোৰ প্ৰেমত পৰিব খুজিলে
আপুনি পিন্ধিব লাগিব দুখৰ পোছাক ,
চকুৰ পানীৰে সানি খাব লাগিব ভাতৰ গৰাহ ।
বাহী ৰুটি হয়তো আপোনাৰ বাবে অপুষ্টিকৰ খাদ্য ,
অথচ তিনিদিনৰ পঁইতা ভাত খাই জীয়াই থাকো মই ।
পাৰিব জানো আপুনি খালি পেটে সপোন দেখিব ?
অৱশ্যে আপুনি বিচনাত বাগৰ সলাই
চাব পাৰিব গর্ভৱতী আকাশ ।
পুখুৰীৰ ঘোলাপানীত লালুকীৰ বাস ,
ঠিক মোৰ হৃদয়ৰ পুখুৰীটোৰ দৰে ।
অনুগ্ৰহ কৰি আপুনি তাৰ পানী নাখাব ।
নিজৰ জীৱনটো ধ্বংস কৰিবলৈকে ,
অনুগ্ৰহ কৰি আপুনি মোৰ প্ৰেমত নপৰিব ।

No comments:

Post a Comment