Monday, 24 November 2014

অসংযত অকবিতা - (২)

(ক) 
আইতাৰ ওঁঠত আছিল 
তামোলৰ ৰঙা পিক । 
যি ৰঙাত মই দেখিছিলো , 
পৰীৰ দেশৰ অলেখ স্বপ্ন । 
অথবা দেখা নাছিলো , 
আইতাক হেৰুৱাৰ সপোণ । 
(খ) 
দেউতাৰ বাওঁ হাতত এটা মস্ত ফোঁহা । 
মাজৰাতি তেওঁ যান্ত্ৰণাত চটফটাই , 
যি যান্ত্ৰণাত মোক লৈ 
মায়ে কটাইছিল দহটা মাহ । 
তেওঁতো উচুপি উঠা নাছিল ।

No comments:

Post a Comment