Monday, 24 November 2014

কিছু অনুভৱ


প্ৰেম আৰু জীৱন

প্ৰস্তাৱনা :- ইমানবোৰৰ পাছতো ব্যস্ততাৰ অজুহাতত আমিবোৰ সুখী হ'ব শিকিছো, দুখৰ পিয়লাত সুখৰ মদিৰা ঢালি মাতাল হ'ব খুজিছো ৷ আচলতে নিঃসংগতাৰ শেষত আপুনি, মই অথবা তেওঁ বিচাৰো কি? একোটা জীৱন ৷ হয়তোবা আপোনাৰ বাবে জীৱন মানেই কিছু সপোনৰ জীৱন্ত ৰূপ অথবা সমাধিস্থ কিছু ভৱিষ্যত যি কেতিয়াও কাম্য নহয়, যিদৰে কেতিয়াও কাম্য নহয় ব্যৰ্থতা ৷

নিজস্ব অনুভৱ :- এইযে কুলু কুলুকৈ বৈ আছে নদীখন, টিক টিককৈ গৈ আছে ঘড়ীৰ কাটাৰ দ্ৰুতবেগী সময় ৷ এয়াইতো জীৱনৰ অংগ ৷ নৈ আৰু জীৱনৰ দৰেই গতিশীল সময়, মাথো আগুৱাই যায় ৷ আচলতে স্তব্ধতা কাৰোৰে প্ৰিয় নহয় ৷ সপোনবোৰ খেদি ফুৰোতেই শেষ হয় জীৱন, যিদৰে পখিলাৰ পাছে পাছে দৌৰি ফুৰোতেই শেষ হয় শৈশৱ ৷ এইযে মোৰ ঘন চুলিৰ ঘন অৰণ্যত তেওঁৰ লিহিৰি লিহিৰি আঙুলিৰ অবাধ গতি, মোৰ হৃদয়ত স্পন্দিত তেওঁৰ হৃদয়ৰ গান, এয়াই হয়তো জীৱনৰ চুড়ান্ত নাম ৷

সামৰণি :- ভালপোৱা মানেই যদি জীৱন হয় তেনেহলে আহক ভালপাই চাওঁ এপলক ৷

No comments:

Post a Comment