Monday, 24 November 2014

অনুভৱৰ কঠিয়া (১)

(১) 
তুমি এন্ধাৰ হবা 
মই পোহৰ বিলাম । 
তোমাৰ নগ্ন দুটি ওঁঠত সিঁচি দিম যৌৱনৰ কঠিয়া । 
(২) 
একাঁ বেকাঁ আলিবাটটোৰ শেষত মোৰ ঘৰ 
আইৰ চকুৰ পানীৰে সেমেকি থাকে ঘৰৰ মজিয়া 
জুহালত জ্বলি থাকে ভোকৰ জুই ।

No comments:

Post a Comment