তাই মোক কৈছিল ,
এজাক সপোন বেছিব আহিছো
কিনিবা নেকি ?
মই কলো ,
মইও জোনাক বেছি ফুৰো ,
যি জোনাকত জন্ম লয় অজশ্ৰ সপোন ।
তাই কলে ,
নীলা ডাৱৰৰ টুকুৰাটো মোক দিয়া ।
মই কলো ,
সেইটো মোৰ হৃদয়ৰ ভগ্নাৱশ ।
তাই কলে ,
বিনময়ত মই তোমাক দিম মোৰ সমস্ত ভালপোৱা ।
অৱশেষত ভালপোৱাৰ বিনিময়ত বিক্ৰী কৰিলো ,
মোৰ হৃদয়ৰ ভগ্নাৱশ টুকুৰা ।
এজাক সপোন বেছিব আহিছো
কিনিবা নেকি ?
মই কলো ,
মইও জোনাক বেছি ফুৰো ,
যি জোনাকত জন্ম লয় অজশ্ৰ সপোন ।
তাই কলে ,
নীলা ডাৱৰৰ টুকুৰাটো মোক দিয়া ।
মই কলো ,
সেইটো মোৰ হৃদয়ৰ ভগ্নাৱশ ।
তাই কলে ,
বিনময়ত মই তোমাক দিম মোৰ সমস্ত ভালপোৱা ।
অৱশেষত ভালপোৱাৰ বিনিময়ত বিক্ৰী কৰিলো ,
মোৰ হৃদয়ৰ ভগ্নাৱশ টুকুৰা ।
No comments:
Post a Comment